এ-আইৰ দ্বাৰা সঞ্চালিত অনুবাদ পৰিচালনা হাব - প্ৰবন্ধক

আমাৰ একক এ.আইৰ দ্বাৰা সঞ্চালিত হাবৰ সৈতে অনুবাদ কৰক, পৰিচালনা কৰক আৰু মাপনী কৰক

প্ৰবন্ধক হ’ল এটা একক ক্লাউড আধাৰিত, এ.আইৰ দ্ৱাৰা সঞ্চালিত অনুবাদ পৰিচালনা হাব, যিয়ে স্থানীয়কৰণ দ্ৰুত গতিত, সহজভাৱে আৰু সঠিকভাৱে হোৱাটো নিশ্চিত কৰে। আপুনি এতিয়া আপোনাৰ বহুভাষিক বিষয়বস্তু পৰিচালনা কৰা সময়ত আপোনাৰ কাম সংঘৱদ্ধ কৰিব পাৰে, প্ৰক্ৰিয়াবোৰ স্বচালিত আৰু দ্ৰুততৰ কৰি তুলিব পাৰে - এই সকলোবোৰ এটা একক কাৰ্যকৰী প্লেটফৰ্মতেই কৰিব পাৰে।

আপোনাৰ অনুবাদৰ সকলোবোৰ প্ৰয়োজনীয়তা পৰিপূৰণ কৰিবলৈ এটা স্ৱজ্ঞাত প্লেটফৰ্ম

ডাঙৰ স্কেলৰ প্ৰ’জেক্টবোৰৰ সৈতে আপোনাৰ টপলাইন উন্নত কৰক

প্ৰবন্ধকে আপোনাক ডাঙৰ ডাঙৰ প্ৰ’জেক্টবোৰ স্কেলত সহজেই পৰিচালনা কৰাত সহায় কৰে আৰু আপোনাৰ আয় তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি কৰে। আপুনি ৰিচোৰ্চ আৰু প্ৰকৃত সময়ত কৰ্মপ্ৰগতিৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰাৰ সময়তে একেটা প্ৰ’জেক্টত কাম কৰা সুদক্ষ অনুবাদকৰ সৈতে ইয়াক সহজে বিচাৰি উলিয়াব পাৰে আৰু তেওঁলোকক সহযোগীতা প্ৰদান কৰিব পাৰে।

আৰম্ভ কৰক

উৎপাদনশীলতা 400% পৰ্য্যন্ত উন্নত কৰে

প্ৰবন্ধকৰ উন্নত অনুবাদ প্ৰযুক্তিয়ে আপোনাৰ উৎপাদনশীলতা উন্নত কৰে আৰু আপোনাৰ অনুবাদ স্ৱয়ংক্ৰিয়ভাৱে কৰি আপোনাৰ প্ৰ’জেক্টবোৰ চাৰিগুণ দ্ৰুততাৰে কৰি সময়তকৈ আগতে ডেলিভাৰ কৰিবলৈ সক্ষম কৰি তোলে। ই আপোনাৰ ড্ৰাফ্টবোৰ দ্ৰুতভাৱে প্ৰূফৰীড কৰি আপোনাৰ নিৰ্ভুলতাৰ পৰিমাণ বৃদ্ধি কৰে, এনেদৰে প্ৰ’জেক্টবোৰ ডেলিভাৰী সময়সীমাৰ আগতেই সম্পন্ন কৰাত আপোনাক সহায় কৰে। ই আপোনাৰ ব্যয় 40% লাঘৱ কৰে।

আৰম্ভ কৰক

অনুবাদৰ ক্ষেত্ৰত 80% কষ্ট লাঘৱ কৰে

স্ৱয়ংচালিত অনুবাদ ব্যৱস্থা সুদক্ষ মেচিন অনুবাদৰ দ্ৱাৰা সঞ্চালিত হয়‌, যিয়ে তাৎপৰ্য্যপূৰ্ণভাৱে মেন্যুৱেল হস্তক্ষেপ কম কৰে। প্ৰবন্ধকে আপোনাৰ কষ্ট 80% লাঘৱ কৰে, টাৰ্ণএৰাউণ্ড সময়সীমা কম কৰে আৰু অভিজ্ঞ অনুবাদকসকলৰ উৎপাদনশীলতা বৃদ্ধি কৰে। ই নৱাগতসকলক অনুবাদ উদ্যোগত জীৱিকা গঢ়ি তোলাৰো অনুমতি প্ৰদান কৰে।

আৰম্ভ কৰক

অধিক প্ৰ’জেক্টলৈ এক্সেছ লাভ কৰি অধিক উপাৰ্জন কৰক

স্ৱজ্ঞাত ইণ্টাৰফেচ আৰু সুদক্ষ প্ৰযুক্তিৰ সৈতে, প্ৰবন্ধকে আপোনাক কম সময়সীমাৰ ভিতৰত অধিক প্ৰ’জেক্ট ডেলিভাৰ কৰাৰ অনুমতি প্ৰদান কৰে, আপুনি ইনবিল্ট মাৰ্কেটপ্লেচৰ পৰা অধিক অনুবাদৰ কাম লোৱাতো সক্ষম কৰি তোলে আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি কৰে।

আৰম্ভ কৰক

বিশাল প্ৰ’জেক্ট প্ৰাপ্ত কৰা কাৰ্য্য শীঘ্ৰে সম্পন্ন কৰে

বহুতো প্ৰতিষ্ঠানে এটা যুক্তিসংগত সময়সীমাৰ ভিতৰত বিশাল পৰিমাণৰ বিষয়বস্তু অনুবাদ কৰিবলৈ টান পায়। প্ৰবন্ধকৰ সৈতে, বিশাল প্ৰ’জেক্টবোৰ স্কেলত পৰিচালনা কৰা আৰু ৰিচোৰ্চ আৰু কৰ্মপ্ৰগতিৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰাটো হৈছে সৰু ল’ৰা-ছোৱালীৰ খেলৰ লেখীয়া। প্ৰতিষ্ঠানসমূহে কামটো ইন-হাউচত কৰিবলৈ বাছনি কৰিব পাৰে, অথবা এটা সৰ্বোত্তম অনুবাদ এজেঞ্চী অথবা ফ্ৰীলেন্সাৰ ল’ব পাৰে আৰু তেওঁলোকৰ কাম সহজভাৱে সম্পন্ন কৰিব পাৰে!

আৰম্ভ কৰক

বেমেজালি মুক্ত অনুবাদ পৰিচালনা

প্ৰবন্ধকে সময়সীমা, ব্যয় আৰু নিৰ্ভুলতাৰ স্পষ্টতা প্ৰদান কৰি প্ৰতিষ্ঠানসমূহক ইয়াৰ প্ৰকৃত সময়ৰ প্ৰ’জেক্ট মেনেজমেণ্ট ডেশ্ৱবোৰ্ডৰ সৈতে সম্পূৰ্ণ স্পষ্টতা আৰু নিয়ন্ত্ৰণ প্ৰদান কৰে। প্ৰতিষ্ঠানসমূহে এতিয়া প্ৰ’জেক্টৰ কাম কিমান দ্ৰুত গতিত আগবাঢ়িছে তাৰ ট্ৰেক ৰাখিবলৈ সক্ষম। প্ৰতিষ্ঠানসমূহে অনুবাদৰ সুনিশ্চিত গুণগত মানদণ্ড আৰু বিল্ট-ইন স্ৱয়ংক্ৰিয় গুণমান পৰীক্ষণো প্ৰাপ্ত কৰে।

আৰম্ভ কৰক

উদ্যোগৰ লীডাৰসকলে দশকজোৰা ভাষা আৰু প্ৰযুক্তিগত দক্ষতাৰে বেক আপ কৰা উন্নত ভাষা প্ৰযুক্তিৰ ওপৰত নিৰ্মিত প্ৰবন্ধক এতিয়া আপোনাৰ স্থানীয়কৰণৰ সকলোবোৰ প্ৰয়োজনীয়তা পৰিপূৰণ কৰিবলৈ সাজু।

ভিডিঅ’ চলাওক

আপোনাৰ ব্যৱসায়ৰ বাবে কাৰ্যকৰী দৰ এটা বাছনি কৰক

এটা ডেম’ৰ বাবে সময়সূচী নিৰ্দ্ধাৰণ কৰক আৰু প্ৰবন্ধকে কেনেদৰে ত্ৰুতিহীনভাৱে দ্ৰুতগতিত আৰু সহজভাৱে অনুবাদ কৰিব পাৰে সেইয়া চাওঁক