ভাৰতীয় ভাষাত ভইচ চ্যুট

আপোনাৰ গ্ৰাহকৰ সৈতে তেওঁলোকৰ পছন্দৰ ভাষাত বাৰ্তালাপ কৰক

ভইচ হ'ল যোগাযোগৰ আটাইতকৈ স্ৱাভাৱিক উপায় আৰু ই পঢ়া, লিখা আৰু টাইপিঙৰ আগত আহে। অতিৰিক্তৰূপে, লিখা, পঢ়া আৰু টাইপিঙে উচ্চ পৰ্য্যায়ৰ সাক্ষৰতা দাবী কৰে, যিয়ে অসাক্ষৰ, সংযোজিত গ্ৰাহকসকলক অন্তৰ্ভুক্ত নকৰে। ৰিভেৰীৰ ভাৰতীয় ভাষাৰ ভইচ চ্যুটে আপোনাৰ গ্ৰাহকসকলক সাক্ষৰতাৰ এই বেৰখন অতিক্ৰম কৰাত সহায় কৰিবলৈ আপোনাক সক্ষম কৰি তোলে আৰু ভইচ-ফাৰ্ষ্ট ডিভাইচত সহজ পাৰস্পৰিক ক্ৰিয়াৰ বাবে বাট মুকলি কৰে। ইয়াৰ অন্তৰ্নিহিত ড'মেইন বিশেষ শব্দকোষ ম'ডেলৰ সৈতে, এই ভইচ চ্যুটে ব্যৱসায় আৰু উদ্যোগৰ বাবে অধিক নিৰ্ভুলতা প্ৰদান কৰে।

11 টা ভাৰতীয় ভাষাত আপোনাৰ ৱেবচাইটৰ প্ৰকৃত সময়ৰ অনুবাদ

প্ৰকৃত সময়ৰ পাঠান্তৰণ

ৰিভেৰীৰ স্পীচ্চ-টু-টেক্সট্ (এছ.টি.টি) আৰু টেক্সট্-টু-স্পীচ্চ (টি.টি.এছ) প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীৰ উদ্দেশ্যৰ বিষয়ে বুজিবলৈ আৰু বিভিন্ন ভাৰতীয় ভাষাত সঠিক ভইচ আউটপুট সক্ষম কৰি তুলিবলৈ প্ৰকৃত সময়ত কাম কৰে। এছ.টি.টি এপ্লিকেশ্ৱন উদ্যোগ-বিশেষ শব্দকোষ আৰু ভাষা ম'ডেলৰ ওপৰত নিৰ্মিত, যি বাৰ্তালাপ সংক্ৰান্তীয় এছ.টি.টি ৰূপান্তৰণ সমৰ্থন কৰে। ই আপোনাক দ্ৱিভাষিক ভাষাৰ ঘটনা চিনাক্ত কৰিবলৈ সক্ষম কৰি তোলে, যি ভাৰতীয় ভাষা কোৱা লোকসকলৰ বাবে সাধাৰণ। টি.টি.এছ আঁহিলাক বিভিন্ন ভাষা আৰু ভইচ ব্যৱহাৰ কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু ই সাংস্কৃতিক অৰ্থযুক্ত উচ্চাৰণ প্ৰদান কৰিবলৈ বহুভাষিক অভিধানৰ সমৰ্থন অন্তৰ্ভুক্ত কৰে।

কাষ্টম কৰিব পৰা ভাৰতীয় ভাষাৰ শব্দকোষ

ভইচ চ্যুটে আপোনাক প্ৰ'ডাক্টৰ নাম, ড'মেইন-বিশেষ শব্দাৱলী নাইবা ব্যক্তিৰ নামৰ দৰে আপোনাৰ ইউজ কেচ বিশেষ সঠিক পাঠান্তৰণ সৃষ্টি কৰিবলৈ স্পীচ্চ চিনাক্তকাৰী শব্দকোষ সংযোগ কৰিবলৈ অনুমতি প্ৰদান কৰে। এইবোৰ কাষ্টম কৰিব পৰা সুবিধাই নিৰ্দিষ্ট উদ্যোগ আৰু শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ সৈতে সম্বন্ধীয় নাম আৰু শব্দ প্ৰথা অতিক্ৰমি সামঞ্জস্যতা সুনিশ্চিত কৰে।

উদ্যোগ-বিশেষ ভাষা ম'ডেল

ভাৰতীয়-ভাষাৰ ভইচ চ্যুট ড'মেইন নাইবা উদ্যোগ-বিশেষ ভাষা ম'ডেলৰ ওপৰত নিৰ্মিত। ই বুজায় যে উদ্যোগৰ শব্দাৱলী আৰু ভইচ আউটপুটৰ ক্ষেত্ৰত অধিক নিৰ্ভুলতা প্ৰদান কৰা সময়ত, বেংকিং, বিত্ত, বীমা আৰু আন বহুতৰ দৰে উদ্যোগৰ সৈতে সম্বন্ধীয় আৰু তেনেকুৱা উদ্যোগৰ বাবে নিৰ্মিত তথ্যৰ ওপৰত ভাষাৰ ম'ডেলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। আপুনি এতিয়া আপোনাৰ গ্ৰাহকসকলক তেওঁলোকৰ স্থানীয় ভাষাত সেৱা প্ৰদান কৰিবলৈ ভাৰতীয় ভাষাৰ ভইচ লেয়াৰৰ পৰা আপোনাৰ মজুত থকা ব'টলৈ সহজে সংযোগ কৰিব পাৰে।

অধিক সঠিক আৰু মানুহৰ দৰে উচ্চাৰণ

ৰিভেৰীৰ ভইচ প্ৰযুক্তিয়ে আপোনাক ভাৰতীয়-ভাষাৰ শব্দৰ অধিক সঠিক উচ্চাৰণৰ সৈতে উচ্চ-গুণমানসম্পন্ন ভইচ আউটপুট প্ৰদান কৰিবলৈ সক্ষম কৰি তোলে। এই সমাধানে সুস্পষ্ট মানৱীয় বৈশিষ্ট্য প্ৰদান কৰিবলৈ বেলেগ বেলেগ স্ৱৰ আৰু লয়ৰ সৈতে মতা আৰু মাইকী ভইচৰ সজীৱ ধ্ৱনিৰ বিস্তৃত বাছনি প্ৰদান কৰে।

একাধিক ভাৰতীয় স্বৰাঘাত আৰু উপভাষা

ৰিভেৰীৰ ভাৰতীয় ভাষাৰ ভইচ চ্যুট সামগ্ৰিকভাৱে একাধিক ভাৰতীয় ভাষাত প্ৰশিক্ষিত আৰু ই তাৰ সাংস্কৃতিক আৰু ভাষাগত সূক্ষ্ম প্ৰভেদবোৰ বিবেচনা কৰে। ভাৰতীয় ভাষাৰ বৈচিত্ৰতাৰ সৈতে তাৰ জটিলতাবোৰ প্ৰতিটো ভাষাৰ সৈতে সম্বন্ধীয় অধিক সংখ্যক স্ৱৰাঘাত আৰু উপভাষাৰে অতিকৈ জটিল। আমাৰ ভইচ চ্যুটে এনেকুৱা ভিন ভিন স্ৱৰাঘাত আৰু উপভাষা চিনাক্ত কৰে, ভাষাৰ প্ৰসংগ আৰু ব্যৱহাৰকাৰীৰ কথাৰ উদ্দেশ্য সঠিকভাৱে বুজে আৰু জটিল কাম সম্পন্ন কৰিবলৈ ব্যৱহাৰকাৰীৰ সৈতে যোগাযোগ কৰে।

আমি মুকলিকৈ ইউজ কেচক প্ৰত্যাহ্ৱান জনাওঁ। আমি আপোনাৰ প্ৰয়োজনীয়তাৰ আধাৰত আমাৰ সমাধান প্ৰস্তুত কৰো।

আমাৰ প্ৰ'ডাক্টৰ বিষয়ে সৰ্বপ্ৰথমে জানক

আমি সকলোতে আছো। আহক, কথা পাতক !